বঙাইগাঁও জিলাৰ টাপাট্টাৰী ব্লক কংগ্ৰেছে দেওহাটী পেট্ৰ’ল পাম্পৰ সন্মুখত আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য অভাৱনীয় ভাৱে বৃদ্ধি হোৱাত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ লাগিছে। যাৰ ফলত কংগ্ৰেছে সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ ভিন্ন স্থানত অব্যাহত ৰাখিছে প্ৰতিবাদ।
ধৰ্ণা কাৰ্যসূচীত বিজেপি চৰকাৰ হায়ঃ হায়ঃ, বিজেপি চৰকাৰ গ’বেক, পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায়ঃ হায়ঃ শ্ল’গানেৰে প্রতিবাদকাৰীসকলে হাতে হাতে প্লেকার্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰদীপ সৰকাৰ, টাপাট্টাৰী ব্লক কংগ্ৰেছৰ সভাপতি কেৰামত আলী, বঙাইগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কাশেম উপস্থিত থাকে।
