মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক; ৰাজপথত কংগ্ৰেছৰ প্ৰতিবাদ

94

গুৱাহাটীঃ পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলাক’লা খুৱাইছে সাধাৰণ জনতাক। অসমতো এতিয়া পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে। সেইদৰে মিঠাতেল, আলু, চাউল, দাইল সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিত এতিয়া কঁকাল বেঁকা হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ।

সামগ্ৰীৰ এনে অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে মহানগৰীৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে। সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা বাহিৰ কৰা প্ৰতিবাদী সমদলত অংশ লয় কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে। সাংসদ গৌৰৱ গগৈয়েও কান্ধত চিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আগন্তুক বিধানসভাৰ উপ নিৰ্বাচনত বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ লাভ কৰিব বুলিও মন্তব্য কৰে ৰিপুণ বৰাই।