মূল্যবৃদ্ধিক লৈ এইবাৰ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া, ক’লে…

99

‘‘মূল্যবৃদ্ধি হ’বই, কাৰণ কোৰোণা হ’ল, যুদ্ধ হ’ল, সকলো বস্তুৰ দাম বাঢ়িবই।’’ -এই মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ।

মহানগৰীৰ ধাৰাপুৰ টাইকোৱানডো একাডেমিত উপস্থিত হৈ শিশুসকলৰ সৈতে কিছু সময় অতিবাহিত কৰে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ গৰাকীয়ে। জুবিনক কাষত পায় উৎফুল্লিত হৈ পৰে ধাৰাপুৰ টাইকোৱানডো একাডেমিৰ খেলুৱৈসকল।

ধাৰাপুৰ টাইকোৱানডো একাডেমিত মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকৰ আগত জুবিনে কয়, ‘‘মূল্যবৃদ্ধি হ’বই, কাৰণ কোৰোণা হ’ল, যুদ্ধ হ’ল, সকলো বস্তুৰ দাম বাঢ়িবই। আমি বেছি চিঞৰ–বাখৰ কৰি লাভ নাই। কোৰোণাই সকলোকে তল পেলাই দিছে। কৰোণা হওঁতেই মই গম পাইছো যে বস্তুৰ দাম বাঢ়িব। আমি ৰ’ব লাগিব দুবছৰমান, লাহে লাহে সকলো ঠিক হ’ব। কেৱল আমি আমাৰ খাদ্য সামগ্ৰী নিজে উৎপাদন কৰি থাকিব লাগে। তেতিয়া হ’লে মূল্যবৃদ্ধি হ্ৰাস পাব।’’ অসমীয়া মানুহ এলেহুৱা বুলিও মন্তব্য কৰে জুবিন গাৰ্গে।