এক ভয়ংকৰ দুৰ্ঘটনা নতুন বছৰৰ আৰম্ভণিতে সংঘটিত হৈছে ।দুৰ্ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ ধাৰাৱী অঞ্চলত । জানিব পৰা মতে সেই সময়ত ৰাস্তাৰ কাষত ৰখাই থোৱা আছিল ৬খন বাহন। তাৰ মাজতে এখন দ্ৰুতবেগী নিয়ন্ত্ৰণহীন টেংকাৰে পিছফালৰ পৰা সকলো ৰখাই থোৱা বাহন কেইখনত খুন্দা মাৰে। যাৰ ফলত আটাইকেইখন বাহন খাৱৈত পৰি যায়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীৰ দল। অৱশ্যে ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।দুৰ্ঘটনাটোত ছয়খন বাহন ক্ষতিগ্ৰস্ত হৈছিল। নলাত ওপঙি থকা সকলো বাহন আঁতৰাবলৈ আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। এই দুৰ্ঘটনাটোৰ আটাইতকৈ ভাল কথাটো হ’ল দুৰ্ঘটনাটোৰ সময়ত ক্ষতিগ্ৰস্ত বাহনসমূহৰ ভিতৰত কোনো লোক উপস্থিত নাছিল।