মুম্বাইত প্ৰচণ্ড বৃষ্টিপাতে প্ৰাণ ল’লে ২৩ জনৰ

105

ডিজিটেল ডেস্কঃ মুম্বাইৰ বিভিন্ন অঞ্চলত দি থকা প্ৰচণ্ড বৰষুণৰ ফলত পৃথকে পৃথকে সংঘটিত দুৰ্ঘটনাত ২৩ জনকৈ লোক নিহত হোৱাৰ উপৰিও আহত হয় বহু লোক। শনিবাৰে নিশাৰ ভাগত হোৱা প্ৰচণ্ড বৃষ্টিপাতত চেম্বুৰ অঞ্চলত দেৱাল খহি পৰে। যাৰ ফলত মহিলাসহ ১৭ জনকৈ লোকৰ মৃত্যু ঘটিছে। ইফালে নিশাই ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দলে ভালে কেইজনক আহত অৱস্থাত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে।

ইফালে ভিকৰোলি অঞ্চলটো দি থকা প্ৰচণ্ড বৰষুণৰ ফলত অট্টালিকা খহি পৰাত ৬ জনকৈ লোকৰ প্ৰাণহানি হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত এনডিআৰএফ বাহিনী উপস্থিত হৈ বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ইপিনে মুম্বাইত প্ৰচণ্ড বৃ্ষ্টিপাতৰ ফলত সংঘটিত দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীয়ে টুইটযোগে নিহত সকলৰ পৰিয়াললৈ গভীৰ শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়ালক ২ লাখ টকা আৰু আহত সকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।