মুম্বাইত পঞ্চাশোর্ধ্বৰ কোভিড ৰোগীৰ বাবে বিশেষ ব্যৱস্থা…

78

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত কোভিড আক্ৰান্ত হৈ বয়োজ্যেষ্ঠ লোকৰ মৃত্যুৰ হাৰ সৰ্বাধিক হোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়াৰ পৰা বিশেষ নীতি গ্ৰহণ কৰিছে চৰকাৰে৷ বিশেষকৈ মুম্বাই চহৰত ৫০ বছৰৰ উৰ্ধ্বৰ যিকোনো ব্যক্তিৰ দেহত কোৰোনা পজিটিভ ধৰা পৰিলেই কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ পূৰ্বে কোৰোনাৰ লক্ষণ কম দেখা দিলে তেনে ব্যক্তিক হোম আইছ’লেছনত ৰখা হৈছিল৷

মুম্বাইৰ উপ পৌৰ আয়ুক্ত বিশ্বাস শংকৰৱৰে কয় যে, চহৰখনত কোভিডৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যৰে বেছিতকৈ বেছি কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে, যাতে প্ৰাৰম্ভিক অৱস্থাতে এই ৰোগবিধ ধৰা পেলাই তাৰ চিকিৎসা কৰিব পৰা যায়৷

আনহাতে ৫০ উৰ্ধ্বৰ যিকোনো ব্যক্তিৰ দেহত কম বা বেছি কোৰোনাৰ লক্ষণ দেখা দিলেই তৎকালে কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ মুম্বাইত কোৰোনা আক্ৰান্ত হৈ মৃত্যু মুখত পৰাসকলৰ ৮৩ শতাংশই ৫০ বছৰৰ উৰ্ধ্বৰ ব্যক্তি৷ উল্লেখ্য যে, মুম্বাইত বৰ্তমানলৈকে ৭৩১১ জন লোক কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে৷ ইয়াৰে ৬,০৭১ জনেই ৫০ বছৰৰ উৰ্ধ্বৰ৷