মুম্বাইত অট্টালিকা খহি পৰি এজনৰ মৃত্যু, আহত ১৮ জন

231

মুম্বাইৰ উপনগৰ বান্দ্ৰাত বুধবাৰে নিশা তিনিমহলীয়া আৱাসিক ভৱনৰ এটা অংশ খহি পৰাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ জন লোক আহত হয়।

এজন বিষয়াই জনোৱা মতে, নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ঘটনা।

মুম্বাইৰ নাগৰিক সংস্থা, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে থিতাতে উপস্থিত হয়।

ভাঙি পৰা কাঠামোটোৰ ধ্বংসাৱশেষৰ পৰা দুজন লোকক উলিয়াই আনি পিছত অনুসন্ধান আৰু উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হয়।

খবৰ অনুসৰি, মুঠ ১৯ জন আহত লোকক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য’ত চিকিৎসকে ইয়াৰে এজনক মৃত বুলি ঘোষণা কৰে। নিহত ব্যক্তিজন ৫৫ বছৰীয়া শ্বাহনাৱাজ আলম বুলি জানিব পৰা গৈছে।

বিষয়াগৰাকীয়ে আৰু কয় যে বৰ্তমান ভাভা হাস্পতালত মাত্ৰ এজন লোকহে চিকিৎসাধীন হৈ আছে, আনহাতে আহত আন ১৭ জন লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে।