মুছলমান যুৱতীয়ে ল’লে হিন্দু ধর্ম

75

২৫ বছৰীয়া ৰঙিয়া পুঠিমাৰী এগৰাকী মুছলমান উচ্চশিক্ষিতা যুৱতীয়ে সোমবাৰে হিন্দু ধৰ্মলৈ প্ৰত্যাবৰ্তন কৰে। নগাঁও আমোলাপট্টিৰ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ ওচৰত পুৰণি মুছলমান ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্ম গ্ৰহণ কৰে।সত্ৰৰ মজিয়াত আজি যজ্ঞ কৰি যুৱতী গৰাকীক শৰণ দিয়া হয়।পুৰণি নাম পৰিহাৰ কৰি যুৱতী গৰাকীয়ে আজিৰে পৰা অনন্যা দেউৰী নাম লয়। বৰ্তমানলৈ ১১ শ মুছলমান আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ ওচৰত হিন্দু ধৰ্ম গ্ৰহণ কৰিছে।