মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-জোহা

82

ষ্টাফৰিপৰ্টাৰ, মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-জোহা শুকুৰবাৰে পালন কৰা হ’ব । কৰ’না ভাইৰাছৰ বাবে হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ ঈদ-উল-জোহাৰ উপলক্ষে বিশেষ উৎসাহ উদ্দীপনা পৰিলক্ষিত হোৱা নাই ইছলাম ধৰ্মী লোকসকলৰ মাজত।

শুভেচ্ছা বাণী
বিশ্বত্ৰাস সৃষ্টি কৰা কভিড১৯ৰ পৰিপ্ৰেক্ষিতত চৰকাৰী নীতি-নিৰ্দ্দেশনা মানি মাস্ক পৰিধান কৰি আৰু সামাজিক দুৰুত্ব বজাই ৰাখি এইবেলি ঈদুল আজহাৰ নামাজ আৰু কোৰবাণী নিজ নিজ ঘৰতে অনুষ্টুপীয়াকৈ আদায় কৰি অসম তথা বিশ্ববাসীক ভয়াবহ কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আৰু সকলো ধৰ্মাৱলম্বী ৰাইজৰ মাজত শান্তি-সম্প্ৰিতি, ভাতৃত্ববোধ গঢ়ি তোলাৰ ক্ষেত্ৰত মহান আল্লাহৰ ওচৰত ইছলাম ধৰ্মাৱলম্বী ভাই সকলোক দোৱা কৰিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আহ্বান জনাই সকলোলৈ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰে।
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি
আব্দুল আজিজে এক বিবৃতি যোগে কয় -‘সকলোৱে মাস্ক পৰিধান কৰি, সামাজিক দুৰুত্ব বজাই ৰাখক আৰু সুস্থ থাকক।’