মুছলপুৰত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ

154

মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদত উত্তাল বাক্সাৰ মুছলপুৰ ।প্ৰাপ্য মাননি বিচাৰি মুছলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৷ ৰাজ্য চৰকাৰৰ পৰা দি থকা মাহিলী মাননি পোন্ধৰশ টকা চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বন্ধ হৈ থকাত এই প্ৰতিবাদ কৰে ৷ আগন্তুক দূৰ্গাপূজাৰ পূৰ্বে চলিত জানুৱাৰীৰ পৰা পাব লগা মাননিখিনি আদায় দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ । আমাৰ প্ৰাপ্য আদায় দিয়ক, চৰকাৰৰ ৰঙা চকুলৈ আমি ভয় নকৰো, মাননিৰ সলনি মাহিলী মজুৰী একৈশ হাজাৰলৈ বৃদ্ধি কৰক, বকেয়া ধন আদায় দিয়ক আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷