মুছলপুৰত বিশ্ব এইডচ দিৱস পালন
আজি বিশ্ব AIDS দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি বাক্সা জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মুছলপুৰস্থিত ডা° ৰৱি বড়ো অসামৰিক চিকিৎসালয়ৰ পৰা মুছলপুৰ চহৰৰ মাজেদি এক সজাগতা ৰেলী উলিওৱা হয় ৷ ৰেলীৰ ফ্লেগ অফ কৰে বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে। AIDS ৰোগত আক্ৰান্ত হৈ আজিও বহু লোক মৃত্যুমুখত পৰি আহিছে যাৰ বাবে ১ ডিচেম্বৰৰ দিনটোত সমগ্ৰ বিশ্বতে AIDS দিৱস হিচাপে পালন কৰি আহিছে ৷ বাক্সা জিলা স্বাস্থ্য বিভাগেও ইয়াৰ পৰা সাধাৰণ লোকে ল’ব লগা সাৱধানতাৰ বাবে এক সজাগতা ৰেলী উলিয়াই অঞ্চলটোৰ সাধাৰণ ৰাইজক সজাগ কৰাৰ চেষ্টা চলায় ৷ প্ৰতিবছৰে এই ৰোগৰ বাবে বহু লোক মৃত্যুমুখত পৰি আহিছে যদিও বৰ্তমান এই ৰোগৰ সংখ্যা কমিছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷
