মুছলপুৰত দুৰ্নীতি নিবাৰক বিভাগৰ অভিযান বাক্সা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক গ্ৰেপ্তাৰ

177
মুছলপুৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ বাক্সা জিলা স্বাস্থ্য বিভাগৰ মুছলপুৰস্থ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত অভিযান ৷ কাৰ্যালয়টোৰ উচ্চ বৰ্গৰ সহায়ক বিপিন কলিতাক গ্ৰেপ্তাৰ ৷  নিলীমা ভূঞা নামৰ  অৱসৰী নাৰ্চ এগৰাকীৰ পেঞ্চনৰ কাম কৰাৰ বাবদ ৫০০০ টকা দাবী কৰিছিল বিপিন কলিতাই ৷ নাৰ্চগৰাকীয়ে পৰৱৰ্তী সময়ত  মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে ৷ সেইমতে আজি  মুছলপুৰস্থ  জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত  নাৰ্চগৰাকীয়ে টকাখিনি দিয়াৰ পাছতে পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ  দলে বিপিন কলিতাক হাতে লোটে ধৰা পেলায়  ৷ আজি উক্ত দলটোৱে  কাৰ্যালয়ত প্ৰায়  চাৰিঘন্টা ধৰি বিপিন কলিতাক জেৰা কৰাৰ  অন্তত গ্ৰেপ্তাৰ কৰে ৷ পাছত  মুছলপুৰ অসামৰিক চিকিৎসালয়ত তেওঁৰ স্বাস্থ্য পৰীক্ষা  কৰি গুৱাহাটীৰ কাৰ্যালয়লৈ লৈ যায় ৷ ইফালে  দলটোৰ আন এটা টিমে বিপিন কলিতাৰ বৰমা বৰঝাৰৰ বাসগৃহটো অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে ৷ অৱশ্যে অভিযানকাৰী দলটোৱে সাংবাদিকৰ আগত কোনো মন্তব্য নিদিলে ৷