মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক বতৰ বিজ্ঞানী: ৰহাত সৰৱ ৰকিবুল হুছেইন

86

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী ৰাজনৈতিক বতৰ বিজ্ঞানী।

ৰহাত পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীক এনেদৰে কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে।

দেশজুৰি সৃষ্টি হোৱা বিজেপি বিৰোধী স্থিতিৰ প্ৰভাৱ যাতে অসমত নপৰে তাৰ বাবেই অসমত খৰকটিয়াকৈ পৌৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে বুলিও অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ৰকিবুল হুছেইনে কয়, “মুখ্যমন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমান লৈ ঘূৰি ফুৰিছে, উত্তৰাখণ্ডত বেয়া কথা কৈছে, তেতিয়া তেওঁ জানিছে যে ১০ মাৰ্চত ওলাবলগীয়া ৫ ৰাজ্যৰ নিৰ্বাচনত বিজেপি হাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আচলতে ৰাজনৈতিক বতৰ বিজ্ঞানী। আন ৰাজ্যত বিজেপিৰ প্ৰভাৱ যাতে অসমত নপৰে সেইবাবে ৯মাৰ্চতে অসমত ভোট গণনা কৰিবলৈ দিছে।”

আনহাতে মুখ্যমন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমানত উঠি চলোৱা নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ নামত, বেনাৰ লগোৱাৰ নামত প্ৰতিদিনে খৰছ কৰা ১০ লাখ ক’ৰ পৰা আহিছে সেই কথা আজি ৰাইজে বুজি উঠিছে বাবেই পৌৰ সভাৰ নিৰ্বাচনত ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।