অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লি কুয়ান ইউ স্কুল অৱ পাব্লিক পলিচিলৈ লিখা মুকলি পত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সন্মানীয় লি কুয়ান ইউ এক্সচেঞ্জ ফেল’শ্বিপ প্ৰদানৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ ছিংগাপুৰ চৰকাৰক আহ্বান জনায়।
ভূপেন বৰাই মুকলি চিঠিত মুখ্যমন্ত্ৰী শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও আৰ্থিক কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে।
“হিমন্ত বিশ্ব শৰ্মাই লি কুয়ান ইউৱে থিয় দিয়া সকলো কথাৰ বিপৰীত উদাহৰণ দাঙি ধৰে। আচলতে তেওঁ ভাৰতীয় ৰাজনীতিত যিবোৰ ভুল আছে সেইবোৰৰ পক্ষত থিয় দিছে। তেওঁ নিয়মিতভাৱে সংখ্যালঘুৰ বিৰুদ্ধে অতি সাম্প্ৰদায়িক বক্তব্য আগবঢ়াই আহিছে। তেওঁৰ ৰাজনৈতিক মন্তব্যও চৰম অশ্লীল, যাৰ বাবে আদালতে তেওঁক চমন কৰিছে। তেওঁৰ চৰকাৰে ইটোৰ পিছত সিটো ৰাজহুৱা দৰ্শনৰ আয়োজন কৰাৰ সময়তে নাগৰিকক মৌলিক সেৱা প্ৰদান কৰাত ব্যৰ্থ হৈছে। আৰু এইখিনি সময়ত ৰাজ্যখন ঋণৰ বোজা বৃদ্ধি পাই গৈ আছে।” ভূপেন বৰাই টুইট কৰি এইদৰে কয়।
বৰাই ছিংগাপুৰ চৰকাৰৰ লগতে এই সন্মানীয় প্ৰতিষ্ঠানটোক ফেল’শ্বিপ বঁটা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।
