মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু মিজোৰাম আৰক্ষীৰ

83

ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো দুৰ্বৃত্ত আৰু আৰক্ষীৰ গুলীত প্ৰাণ বলিদান দিবলগা হৈছিল ৬ গৰাকীকৈ অসম আৰক্ষীৰ জোৱানে। এই ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি ৰখাৰ সময়তে এইবাৰ মিজো আৰক্ষীয়ে হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে।

খবৰ অনুসৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও অসম আৰক্ষীৰ ৬ গৰাকী উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে। অসম আৰক্ষীৰ কাছাৰ জিলাৰ উপায়ুক্তৰ নেতৃত্বত অসম আৰক্ষীৰ জোৱানসকল মিজোৰামত প্ৰৱেশ কৰা বুলি দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে মিজোৰাম আৰক্ষীয়ে।