মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বৰপেটা জিলাত বান-গৰাখহনীয়া পৰিদৰ্শন

72

ষ্টাফৰিপৰ্টাৰ, ২০জুলাই : সাম্প্ৰতিক বান আৰু গৰাখহনীয়া পৰিস্থিতি পৰ্যবেক্ষণৰ লগতে অন্যান্য কেবাটাও কাৰ্যসূচী লৈ সোমবাৰে বৰপেটা জিলা ভ্ৰমণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে এক প্ৰছ বিজ্ঞপ্তি যোগে জনাইছে কয় ‘পুৱাৰ ভাগতেই বানপানীত বৰপেটা জিলাৰ গহীনপাৰাত মুখ্যমন্ত্ৰী আৰু সভাপতি ৰঞ্জিৎ কুমাৰ দাস উপস্থিত হৈ পহুমাৰা নৈৰ মথাউৰিটোৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে যুদ্ধকালীন তৎপৰতাৰে চলি থকা মেৰামতিৰ তদাৰক কৰে আৰু এই অঞ্চলত বানত ক্ষতিগ্ৰস্ত সকলক সাহাৰ্য প্ৰদানত অধিক ক্ষীপ্ৰতা প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলত চৰকাৰে স্থাপন কৰা বান সাহাৰ্য শিৱিৰত বানাক্ৰান্ত ৰাইজক সাক্ষাৎ কৰি খা-খৱৰ লোৱাৰ লগতে শিৱিৰত আশ্ৰয় লোৱা সকলোকে প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰী, গুণগত খাদ্য, খোৱাপানী, ঔষধ আদি পৰ্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৈত্ৰী আঁচনিৰ অধীনত বৰপেটা সদৰ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে আৰু সৰভোগ আৰক্ষী থানাৰ নৱনৰ্মিত ভৱন ডিজিটেল পদ্ধতিৰে উদ্বোধন কৰে। ইয়াৰ পাছতেই এই আঁচনিৰ অন্তৰ্গত সৰ্থেবাৰী থানাৰো নৱনিৰ্মিত ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় ‘ক’ভিড- ১৯ৰ সময়চোৱাত ৰাইজৰ প্ৰতি আগবঢ়োৱা সমৰ্পিত সেৱাৰ বাবে অসম আৰক্ষী ৰাইজৰ প্ৰশংসাৰ পাত্ৰ। বান আৰু কৰ’না মহামাৰীৰ এই দুৰ্যোগৰ সময়ত অসম আৰক্ষীৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। সৰ্থেবাৰীৰ পৰা ওভতাৰ পথত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে নলবাৰী জিলাৰ চামতাৰ পুখুৰা গাঁৱৰ বানক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৰে। বানপানীৰ এই দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতিয়ে প্ৰদৰ্শন কৰা সময়োচিত তৎপৰতা আৰু আৰ্তজনৰ কাষত থিয় দিয়া কাৰ্যৰ প্ৰতি বিজেপি অসম প্ৰদেশ সমিতিৰ মুখ্যমুখপাত্ৰ ৰূপম গোস্বামীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে ।