মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ‘চয়তান’ বুলি কোৱা প্ৰাক্তন ৰাজ্যপালৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

117

উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল আজিজ কুৰেশ্বিৰ বিৰুদ্ধে যোগী আদিত্যনাথক ‘চয়তান’ আৰু তেওঁৰ চৰকাৰক ‘তেজ শোহা দৈত্য’ বুলি অভিহিত কৰাৰ বাবে ৰাজদ্ৰোহৰ অভিযোগ উত্থাপিত হৈছে। আজিজ কুৰেশ্বিয়ে অৱশ্যে দাবী কৰে যে তেওঁৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰি ৰাজনৈতিকভাৱে তেওঁৰ ক্ষতি কৰাৰ চেষ্টা কৰা হৈছে।

বিজেপি নেতা আকাশ কুমাৰ চাক্সেনাৰ অভিযোগৰ ভিত্তিত দেওবাৰে ৰামপুৰৰ চিভিল লাইনচ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছিল। চাক্সেনাই অভিযোগ কৰিছিল যে আজিজ কুৰেশ্বিয়ে অলপতে সমাজবাদী পাৰ্টিৰ নেতা আজম খানৰ ঘৰলৈ গৈছিল। তাত, আজম আৰু তেওঁৰ পত্নী তাজিন ফাতমাৰ সৈতে হোৱা আলোচনাত যোগী চৰকাৰৰ বিষয়টো উত্থাপন কৰে আৰু কুৰেছিয়ে তাত কেইবাটাও অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হয়।

কুৰেছিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ‘চয়তান’ আৰু তেওঁৰ প্ৰশাসনক “তেজ শোহা দৈত্য” বুলি অভিহিত কৰা বুলি অভিযোগ কৰে চাক্সেনাই। তেওঁ দাবী কৰে, “এনে মন্তব্যৰ ফলত দুয়োটা সম্প্ৰদায়ৰ মাজত অস্থিৰতা আৰু সমাজত বিশৃংখলতাৰ সৃষ্টি হ’ব পাৰে।”

কুৰেছিয়ে অৱশ্যে এই সকলো অভিযোগ অস্বীকাৰ কৰে। উল্লেখ্য যে, ৮১ বছৰীয়া কংগ্ৰেছ নেতা আজিজ কুৰেশ্বি এবছৰৰ বাবে মিজোৰামৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ উত্তৰ প্ৰদেশৰো ৰাজ্যপালৰ দায়িত্বত আছিল।

তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰি কয়, ‘চৰকাৰী নীতিৰ বিৰোধিতা কৰাটো মোৰ অধিকাৰ। মই মোৰ শেষ উশাহলৈকে গণতান্ত্ৰিক ধৰণে যুঁজ অব্যাহত ৰাখিম। মোৰ ভাষণসম্পূৰ্ণৰূপে বিকৃত কৰি, জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি মোক ৰাজনৈতিকভাৱে ক্ষতি কৰাৰ চেষ্টা কৰা হৈছে। ‘