মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ হাজাৰ টকাৰ আৰ্থিক অনুদান কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ

58

কোৰোনা মহামাৰী প্ৰতিৰোধী যুঁজৰ বাবে ৰাজ্যবাসীৰ পৰা আৰ্থিক অনুদান বিচৰাৰ পিছতে চৰকাৰক সহায় আগবাঢ়ি আহিছে বিভিন্ন জন। কমলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত কলিতায়ো বুধবাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক অনুদান আগবঢ়ায়।

বিধায়কগৰাকীয়ে ৫১ হাজাৰ টকাৰ এখন চেক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়ে। উল্লেখ্য যে, কোৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আৰ্থিক সহায় ৰাজ্যবাসীৰ পৰা বিচাৰি এক বিবৃতি প্ৰকাশ কৰিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে।