দেশত পুনৰ ভয়াবহ হৈ পৰিছে কোভিড পৰিস্থিতি। কোৰোনাৰ নতুন ভেৰিয়েন্ট ‘অমিক্ৰনে ইতিমধ্যে কেইবাখনো ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে। আনহাতে অসম চৰকাৰো এই মহামাৰীক লৈ সতৰ্ক হৈ পৰিছে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত অমিক্ৰন বৃদ্ধি পালে নিষেধাজ্ঞা কঠোৰ কৰা হব।
ইফালে শনিবাৰৰ পৰা ৰাজ্যত পুনৰ সান্ধ্য আইন বলবৎ হব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সান্ধ্য আইন নিশা ১১.৩০ বজাৰ পৰা বলবৎ হব। আনহাতে ১০.৩০ বজাতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিব লাগিব।
প্ৰণিধানযোগ্য যে, ৩১ ডিচেম্বৰৰ নিশাটোৰ বাবে সান্ধ্য আইন শিথিল কৰিছিল চৰকাৰে।
আনহাতে, ভেকচিন নোলোৱা লোকক শীঘ্ৰে ভেকচিন লোৱাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে সুৰাপায়ীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব অভিযান। তদুপৰি চালক আৰু আৰোহীৰ হেলমেট পৰিধানৰ ক্ষেত্ৰতো চলিব অভিযান।
মুখ্যমন্ত্ৰী শৰ্মাই GMCH পৰিদৰ্শন কৰি ক’ভিডৰ বাবে মুকলি কৰে ২০০খন বিচনা। তদুপৰি সাধাৰণ ৰোগীৰ বাবে ১০০খন বিচনা মুকলি কৰা হয়।
