মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে CJM আদালতৰ নিৰ্দেশত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

85

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে CJM আদালতে প্ৰদান কৰা নিৰ্দেশত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ তুলিছিল কংগ্ৰেছে।

কংগ্ৰেছৰ এই অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীক।

আদালতে চমন জাৰি কৰি ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ দিনা অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। কিন্তু সেই দিনটোত মুখ্যমন্ত্ৰী অথবা তেওঁৰ পত্নী আদালতত উপস্থিত নথকাত ২ হাজাৰ টকাকৈ জৰিমনা বিহে CJM আদালতে।

অৱশ্যে মুখ্যমন্ত্ৰীৰ অধিবক্তাই আদালতত প্ৰদৰ্শন কৰা যুক্তিত পতিয়ন গৈ ২১মাৰ্চত হিমন্ত বিশ্ব শৰ্মাক সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰে।

আনহাতে CJM আদালতৰ এই নিৰ্দেশৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাত বুধবাৰে CJM আদালতৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে উচ্চ ন্যায়ালয়ে।

লগতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰীৰ বিচাৰপীঠে সকলো পক্ষকে জাননী জাৰি কৰি ৪ সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।