মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুধবাৰে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে। প্ৰায় ২ পৃষ্ঠা দৈৰ্ঘ্যৰ এজাহাৰত মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 153, IPC 153 (A) ধাৰা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে। যোৱা ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্যৰ ভিত্তিত আব্দুল খালেকে গোচৰ তৰা বুলি জানিবলৈ দিছে।
আব্দুল খালেকে কয় যে, ”সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই ‘বাংলাদেশী মুছলমান” বুলি কৈ সংখ্যালঘু লোকক উপলুঙা কৰিছে। ১০ ডিচেম্বৰত গৰুখুটি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক।”
ইফালে PSO ত্যাগৰ সন্দৰ্ভত আব্দুল খালেকে কয় যে,’ৰাজনৈতিক নেতাক নিৰাপত্তা আৰক্ষীৰ কমিটিয়ে দিব। ইয়াকলৈ মুখ্যমন্ত্ৰীয়ে কিয় ৰাজনীতি কৰিছে? মুখ্যমন্ত্ৰীয়ে প্ৰথমতে PSO ত্যাগ কৰি দৃষ্টান্ত দেখুৱাওক।’