মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এজাহাৰ দাখিল৷ নাজিৰা আদৰ্শ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে বিধায়কজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মধ্য প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি কমলনাথৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিলে নাজিৰা আদৰ্শ আৰক্ষী থানাত। বুধবাৰে সন্ধিয়া এজাহাৰ দাখিল কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
