মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ পালে বিজেপিৰ সংগী হবলৈও সাজু BPF

139

মুখ্যমন্ত্ৰীৰ পৰা প্ৰস্তাৱ আহিলেই বিজেপিৰ সংগী হবলৈ প্ৰস্তুত হাগ্ৰামা মহিলাৰীৰ বিপিএফ। মঙ্গলবাৰে এই ইংগিতকে দিলে দলটোৰ বিধায়ক দুৰ্গা দাস বড়োৱে। গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে বিটিছিত বিপিএফ দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল। কিন্তু বিজেপিৰ সমৰ্থনতহে ইউপিপিএলে ক্ষমতা লাভ কৰিলে। যদি ৰাজ্যপালে অনুমতি দিয়ে তেন্তে বিপিএফ-এ গোপন বেলটেৰে সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব পাৰিব বুলিও মন্তব্য কৰে দুৰ্গা দাস বড়োৱে।

আনহাতে বিপিএফ শাসনলৈ আহিলে বিজেপিৰ কোনো হানি-বিঘিনি নহয় বুলি মন্তব্য কৰে বড়োৱে। তেওঁ কয় যে বিপিএফ এটা তেনেই সৰু ৰাজনৈতিক দল, যাৰ ক্ষমতা কেৱল বিটিছিৰ মাজতে সীমাবদ্ধ। যদি বিজেপিয়ে বিচাৰে আৰু মুখ্যমন্ত্ৰীয়ে কোনো প্ৰস্তাৱ দিয়ে তেন্তে বিপিএফ বিজেপিৰ সংগী হব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে।