মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে নিযুক্তি সমীৰ সিনহাক

66

মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই প্ৰথমটো পদক্ষেপ ললে ড০ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বৰ বিত্ত আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সমীৰ সিনহাক নিযুক্তি প্ৰদান কৰা হল মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব হিচাপে।

আনহাতে অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰক বদলি কৰা হৈছে উন্নয়ন আৰু সাংস্কৃতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে।