মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ আৰক্ষী: এনিশাৰ ভিতৰত ৰাজ্যজুৰি ৪ শতাধিক মাটিৰ দালালক আটক

101

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে। সোমবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ৪ শতাধিক মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাত অভিযান চলাই ২২ জন মাটিৰ দালালক আটক কৰে। সেইদৰে কামৰূপ গ্ৰাম্য জিলাত আটক কৰা হৈছে ৫২ জন দালালক। পাটাছাৰকুছি থানাতো বৰ্তমান ১৮ জন মাটিৰ দালালক সোধা-পোছা চলাই থকা হৈছে। আনহাতে আৰক্ষীৰ অভিযানত নলবাৰীত সাংবাদিকসহ আটক হয় ২০ জন মাটিৰ দালাল।

আৰক্ষীয়ে অভিযানত ডিব্ৰুগড়ত ১৮ জন, বৰপেটাত ৬ জন, বঙাইগাঁৱত ১৪ জন, যোৰহাটত ৯ জন, লখিমপুৰত ১৩ জন, ধুবুৰীত ৮ জন, বিশ্বনাথত ১৪ জন মাটিৰ দালালক আটক নিশাই আটক কৰে।আটকাধীন মাটিৰ দালাল বোৰক সোধাপোছা অব্যাহত ৰাখিছে।