মুখ্যমন্ত্ৰীৰ ধেমাজি ভ্ৰমণেৰে জড়িত চিকিৎসক কোভিড পজিটিভ

54

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধেমাজি ভ্ৰমণত উপস্থিত থকা চিকিৎসক আক্ৰান্ত হৈছে কোৰোনাত। উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অন্য বিভিন্ন বিষয়ৰ বাবে উপস্থিত হৈছিল ধেমাজিত। এই ভ্ৰমণত জড়িত মডেল ভেকচিন চেণ্টাৰৰ চিকিৎসক ডা০ পি এন দেউৰী মুখ্যমন্ত্ৰীৰ ভ্ৰমণ কাৰ্যসূচীৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিছিল। তাৰ পিছতে তেওঁৰ কোভিড পৰীক্ষা কৰা হয় আৰু ৰিজাল্ট পজিটিভ আহে।

ইফালে চিকিৎসক পি এন দেউৰী কোৰোনাত আক্ৰান্ত হোৱাৰ পিছতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে অইন চিকিৎসক তথা চিকিৎসা কৰ্মীৰ মাজত। চিকিৎসক গৰাকী কিদৰে কোৰোনাত আক্ৰান্ত হল সেয়া জানিব পৰা নগ’লেও তেওঁৰ পৰা অন্যলৈ এই মহামাৰী সংক্ৰমণ ঘটাৰ আশংকা কৰা হৈছে।