মুখ্যমন্ত্ৰীৰ দূৰ্নীতি মুক্ত অসম গঢ়াৰ সপোন ধুলিসাৎ কৰাৰ চেষ্টা পঞ্চায়ত সভাপতিৰ

179

মুখ্যমন্ত্ৰীৰ দূৰ্নীতি মুক্ত অসম গঢ়াৰ সপোন ধুলিসাৎ কৰাৰ চেষ্টা পঞ্চায়ত সভাপতিৰ। জিৰণি চ’ৰা নলা আৰু কবৰস্থানৰ কামৰ ধন আত্মসাৎৰ অভিযোগ। তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ।

উল্লেখযোগ্য যে জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৩ নং তিতাপানী গাঁও পঞ্চায়তত চতুদৰ্শ বিত্তীয় আয়োগৰ জৰিয়তে কৰা প্ৰতিটো কাম কামৰ বিপৰীতে বিয়াগোম দূৰ্নীতিৰ অভিযোগ উঠিছে সভাপতি আছাদুল ইছলামৰ বিৰুদ্ধে৷ ২ লাখ টকা ব্যায় সাপেক্ষে চেনিমাৰীত নিৰ্মাণ কৰা জিৰণি চ’ৰা, অসম্পূৰ্ণ ৬ লাখ টকাৰ নলাৰ কাম, কাম নকৰাকৈ কবৰস্থানৰ ৭০ শতাংশ টকা উঠাই আত্মসাৎৰ লগতে দূৰ্নীতি পৰায়ণ সভাপতি গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি তিতাপানী গাওঁ পঞ্চায়তৰ প্ৰতিটো কামতে বিয়াগোম দূৰ্নীতি কৰাৰ অভিযোগ উঠিছে। জিৰণি চৰাৰ কাম নিম্ন মানৰ হোৱাৰ কাৰণে এবছৰ সম্পূৰ্ণ নহওঁতেই জহি খহি গৈছে। ইফালে বগুলামাৰী গাঁৱত এটা নলাৰ নামত চতুৰ্দশ বিত্তীয় আয়োগৰ জৰিয়তে চৰকাৰে তিনি বছৰ পূৰ্বে ৬ লাখ টকা আবন্টন দিছিল যদিও কামখিনি আজিলৈকে সম্পূৰ্ণ নকৰি মাত্ৰ ২ লাখ টকাৰ কাম কৰি সমুধায় ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে সভাপতি আছাদুলৰ বিৰুদ্ধে। কামটো সম্পূৰ্ণ নকৰাৰ ফলত আশে পাশে থকা ঘৰৰ কণ কণ শিশুবোৰ নলাত পৰি প্ৰাণ যোৱাৰ আশংকা কৰিছে স্থানীয় লোকে। ৰাইজে আছাদুল ইছলামৰ দুৰ্নীতিৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।