আজি খানাপাৰাত অনুষ্ঠিত হয় ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত।
বঁটা প্ৰদান অনুষ্ঠানত ৩৫৮০০ গৰাকী মেধীৱী শিক্ষাৰ্থীক প্ৰদান কৰা হয় বিনামূলীয়া স্কুটী।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
সেই অনুসৰি বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়নৰত সকলো ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব ১০০০কৈ টকা।
ছাত্ৰীসকলক বিশ্ববিদ্যালয়লৈ অহা-যোৱা তথা পৰিয়ালক কিছু সকাহ দিয়াৰ লক্ষ্যৰে এই জলপানি ৰাজ্য চৰকাৰে আগবঢ়াব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ বাবে শিক্ষাবিভাগে শীঘ্ৰেই এটা নতুন পৰ্টেল মুকলি কৰিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে সকলো ছাত্ৰীক এই জলপানিৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে অহা বছৰৰ পৰা পেট্ৰ’ল চালিত স্কুটাৰৰ পৰিৱৰ্তে বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
