মুখ্যমন্ত্ৰীৰ গুণ্ডাই মোক শাৰীৰিক নিগ্ৰহৰ চেষ্টা চলাইছেঃ কেৰালাৰ ৰাজ্যপালৰ বিস্ফোৰক অভিযোগ

141

শাৰীৰিক নিগ্ৰহৰ চেষ্টা চলাইছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে। সোমবাৰে ৰাজ্যপালৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এছ এফ আইৰ কৰ্মীৰ বিৰুদ্ধে। ইয়াৰ পিছতে ক্ষুব্ধ ৰাজ্যপালগৰাকীয়ে তিৰুৱনন্তপুৰমলৈ যোৱাৰ পথত মুখ্যমন্ত্ৰীৰ গুণ্ডাই শক্তি দেখুৱাইছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে তিৰুৱনন্তপুৰমত ৰাজ্যপালক ক’লা পতাকা দেখুৱাই এছ এফ আইৰ কৰ্মীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল।

সোমবাৰে কেৰালাৰ ৰাজ্যপাল তিৰুৱনন্তপুৰম বিমানবন্দৰলৈ গৈ দিল্লীলৈ বিমান ধৰিবলৈ গৈছিল। সেই সময়ত এছ এফ আই সমৰ্থকে তেওঁৰ গাড়ীখন ঘেৰাও কৰি ক’লা পতাকাৰে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। লগতে গাড়ীৰো ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যপালৰ কনভয়ত তিনিবাৰকৈ আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। অৱশেষত কনভয়টো এটা ঠাইত ৰখাই দিয়া হ’ল আৰু প্ৰতিবাদ অব্যাহত থাকিল। ইয়াৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে এছ এফ আইৰ সমৰ্থকসকল।

সমগ্ৰ ঘটনাক লৈ কেৰালাৰ ৰাজ্যপালগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, “মই পোনপটীয়াকৈ কৈছোঁ, মুখ্যমন্ত্ৰীয়ে মোক শাৰীৰিক নিৰ্যাতন কৰিবলৈ মানুহ পঠিয়াইছে। সেই গুণ্ডাবোৰে ৰাজপথত ঘূৰি ফুৰিছে। যদি মুখ্যমন্ত্ৰী কোনো অনুষ্ঠানলৈ যায় তেন্তে প্ৰতিবাদকাৰীয়ে গাড়ী লৈ তেওঁৰ কনভয়ত প্ৰৱেশ কৰিব পাৰিবনে? কিন্তু ইয়াত আৰক্ষীয়ে প্ৰতিবাদকাৰীক গাড়ীত উঠি পলায়ন কৰাত সহায় কৰিছে। গাড়ীৰ পৰা নামি অহাৰ লগে লগে প্ৰতিবাদকাৰীসকল পলাই যায়। মুখ্যমন্ত্ৰীয়ে নিজে নিৰ্দেশ দিলে দুখীয়া পুলিচ সকলে কি কৰিব?”

মন কৰিবলগীয়া যে কেৰালাৰ বিভিন্ন বিষয়ত মুখ্যমন্ত্রী আৰু ৰাজ্যপালৰ মাজত যথেষ্ট দিনৰ পৰা সংঘাত তীব্ৰতৰ হৈ পৰিছে৷ সেই উত্তেজনাৰ মাজতে আৰিফ মহম্মদ খানে পিনাৰায় বিজয়নৰ বিৰুদ্ধে পোনপটীয়াকৈ ‘হত্যাৰ চেষ্টা’ৰ অভিযোগ উত্থাপন কৰে। কেৰালা আৰক্ষীৰ সূত্ৰ অনুসৰি গ্ৰেপ্তাৰ হৈছে ৭ গৰাকী এছ এফ আই সমৰ্থক। কিন্তু এই অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল।