মুখ্যমন্ত্ৰীৰূপে শপত নীতিশ কুমাৰৰ, অভিনন্দন জনালে জে পি নড্ডাই

143

ডিজিটেল ডেস্ক:- বিহাৰ বিধানসভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা লাভ কৰি আজি ৰাজ্যৰ এনডিএ মিত্ৰজোঁতৰ মুখ্যমন্ত্ৰীৰূপে পুনৰ শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। তাৰ পিছতে বিহাৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীপদৰ শপত লোৱা বিধায়কসকলক অভিনন্দন জ্ঞাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নদ্দাই।

জেপি নদ্দাই নীতিশ কুমাৰৰ অভিনন্দন জনাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিহাৰত এনডিএ চৰকাৰে বিকাশৰ পথত আগবাঢ়িব। যুৱ প্ৰজন্মৰ লগতে মহিলা, কৃষক সকলৰ কথা চিন্তা কৰি নতুন চৰকাৰে উন্নয়নকামী আঁচনি হাতত লব বুলিও আশা প্ৰকাশ কৰে বিজেপি নেতা গৰাকীয়ে।