মহিলা আৰক্ষীক আক্ৰমণ কৰাৰ গোচৰত গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক বৰপেটাৰ এখন আদালতে জামিন প্ৰদান কৰাৰ পিছতে পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
আক্ৰমণৰ বলি হোৱা মহিলা আৰক্ষীগৰাকীয়ে এই গোচৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত দাৰস্থ হোৱাৰ অনুমতি বিচাৰি তেওঁলৈ পত্ৰ লিখা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই গোচৰটোৰ বিষয়ে বেছি নাজানো। এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকৰ ওপৰত হাতাহাতি/দুৰ্ব্যৱহাৰৰ অভিযোগ আছিল। এই অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে। বৰপেটা সত্ৰ আদালতে এটা ৰায় দিছে। তেওঁ এতিয়া বৰপেটা সত্ৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে গৌহাটি উচ্চ ন্যায়ালয়লৈ যোৱাৰ অনুমতি বিচাৰি মোক পত্ৰ লিখিছে।”
“ফাইলটো মোৰ ওচৰলৈ আহিছে আৰু যদি মই অনুমতি দিওঁ তেন্তে তেওঁ সত্ৰ আদালতৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যাব। আৰক্ষীয়ে কোনো গোচৰ ৰুজু কৰা নাই। মহিলা আৰক্ষী বিষয়াই দাখিল কৰা অভিযোগৰ ভিত্তিত গোচৰটো পঞ্জীয়ন কৰা হৈছিল।” তেওঁ লগতে কয়।
গোচৰটোৰ সন্দৰ্ভত শুক্ৰবাৰে জামিন পোৱাৰ পিছত মেৱানীক দিনটোৰ আৰম্ভণিতে কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল। ইয়াৰ আগতে, তেওঁক আক্ৰমণৰ গোচৰটোৰ বাবে পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা এটা টুইটসম্পৰ্কীয় গোচৰটোত জামিন লাভ কৰাৰ পিছত তেওঁক গোচৰটোত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল, যাৰ বাবে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাজ্যলৈ আনিছিল।
