মুক্তিৰ পূৰ্বেই বিতৰ্কত অক্ষয় কুমাৰৰ ‘পৃথ্বিৰাজ’, কিন্তু কিয়…

112

মুক্তিৰ পূৰ্বেই বিতৰ্কৰ সূচনা কৰিছে অক্ষয় কুমাৰ অভিনীত ছবি পৃথ্বিৰাজে। মহান ৰজা ৰাজপুত পৃথ্বিৰাজ চৌহানৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ নামক লৈ এতিয়া দেশৰ বিভিন্ন প্ৰান্তত ৰাজপুত আৰু ক্ষত্ৰিয় সকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।

খবৰ অনুসৰি, ছবিখনৰ নামক লৈ চণ্ডীগড়ত গুৰুবাৰে ক্ষত্ৰিয় মহাসভাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে অভিনেতা অক্ষয় কুমাৰৰ পুত্তলিকা দাহ কৰা হয়। উল্লেখ্য যে, বিভিন্ন সংগঠনে দাবী কৰা মতে, ছবিখনৰ নামৰ জৰিয়তে মহান ৰাজপুত পৃথ্বিৰাজ চৌহানক অপমান কৰিছে ছবিখনৰ প্ৰযোজন-পৰিচালক তথা কলা-কুশলীসকলে। সংগঠন সমূহে দাবী কৰা ছবিখনৰ নাম ৰজা পৃথ্বিৰাজ বা ৰাজপুত পৃথ্বিৰাজ চৌহান হব লাগে। কিন্তু কেৱল পৃথ্বিৰাজ নামকৰণেৰে মহান ৰজাগৰাকীক অপমান কৰা বুলি ক্ষোভ উজাৰিছে দল-সংগঠনসমূহে। আনহাতে ছবিখনৰ মুক্তিৰ পূৰ্বে ৰাজপুত আৰু ক্ষত্ৰিয় প্ৰতিনিধিৰ সমুখত ছবিখনৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিবলৈও দাবী জনায়। অন্যথা ছবিখনৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ কৰা হব বুলি সকিয়নী দিয়ে দল-সংগঠনসমূহে।

উল্লেখ্য, চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ পৰিচালনা আৰু আদিত্য চোপ্ৰাৰ প্ৰযোজনাত নিৰ্মিত ঐতিহাসিক ছবিখনৰ মুখ্য চৰিত্ৰত অৰ্থাৎ ৰজা পৃথ্বিৰাজ চৌহানৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। আনহাতে অক্ষয় কুমাৰৰ বিপৰীতে ছবিখনত অভিনয় কৰিছে মানুসী ছিল্লাৰে।