মুকালমুৱাৰ ঘোগা গাঁও পঞ্চায়ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷
বৰক্ষেত্ৰীত পঞ্চায়ত সচিবে উৎকোচ বিচৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ।এনৰেগা আঁচনিৰ ধন মোকোলাই দিয়াৰ বাবদ পঞ্চায়ত সচিবে বিচাৰিছিল উৎকোচ ৷
বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্ত ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব আৰবজান বেগমে উৎকোচ বিচৰাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি ৷
পঞ্চায়ত সচিব গৰাকীয়ে পূৰ্বতেও কাচিম আলী নামৰ স্থানীয় লোকজনৰ পৰা বিল মোকোলাই দিয়াৰ বাবদ ১০০০ টকা উৎকোচ লোৱাৰ অভিযোগ কৰে কাচিম আলীয়ে ৷
উল্লেখ্য যে ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ বিভিন্ন অনিয়ম আৰু দুৰ্ণীতি সময়ে সময়ে পোহৰলৈ আহি পৰিছে ৷
পূৰ্বতেও পঞ্চায়তখনৰ দুৰ্নীতিক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷