মিনি লকডাউনে জুৰুলা কৰিছে খোৱাং ৰঙালাও বজাৰৰ কৃষকক

65

ৰাজু মিশ্ৰ, মৰাণঃ কোভিডে কাঢ়ি লৈ গৈছে কৃষকৰ সপোন। ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ৰঙালাও বজাৰত কৃষক তথা বিক্ৰেতা সকলৰ মাজত নাই কোনো আশাৰ ৰেঙনি । চৰকাৰে জাৰি কৰা মিনি লকডাউনে তচনচ কৰি পেলাইছে কৃষকৰ সপোন। পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে ৰঙালাও কিম্বা আন শাক-পাচলি।

বজাৰখনৰ নিচেই কাষতে থকা চেৰেপাখাটি অঞ্চলৰ ৰাইজে কপালৰ ঘাম মাটিত পেলাই কৰে খেতি। বানবিধ্বস্ত অঞ্চলটোত ধানখেতি প্ৰায় নহয়। ৰঙালাও, বিলাহী, কবি, জলকীয়া আদি ৰবি শস্যৰ খেতি কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছে লোকসকলে। প্ৰতিদিনে বজাৰখনলৈ উলিয়াই আনে শাক-পাচলি সমূহ। দিনটো বিক্ৰী পিছত পোৱা টকাৰে ঘৰ চলায় তেওঁলোকে। কিন্তু এতিয়া মিনি লকডাউনে তেওঁলোকৰ জীৱন পৰিক্ৰমাই সলাই পেলাইছে।

বিয়লি ২ বজাৰ লগে লগে বন্ধ কৰিব লগা হয় তেওঁলোকৰ বজাৰ। কেইটামান ঘণ্টাৰ বাবে বিক্ৰী কৰা ৰঙালাও পাঁ‌চ, দহ টকাতে গ্ৰাহকক যাচি দিব লগা হৈছে। যিটো মূল্য তেওঁলোকৰ খেতিতে খৰচ কৰিব লগা হয় বুলি কৃষক সকলে জানিবলৈ দিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহা বজাৰখনত আবেলি সময়তহে গ্ৰাহক কিছু হয় যদিও এতিয়া আধাতে বজাৰ সামৰিব লগা হোৱাত কৃষক সকলৰ মুৰত সৰগ ভাগি পৰা যেন হৈ পৰিছে।