মিথুন চক্ৰৱৰ্তীলৈ আগবঢ়োৱা হ’ব দাদাচাহেব ফাল্কে বঁটা

100

বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ এইবাৰ আগবঢ়োৱা হ’ব দাদাচাহেব ফাল্কে বঁটা। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে মিথুন চক্ৰৱৰ্তীক এই বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে দাদাচাহেব ফালকে বঁটাৰ জুৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স যোগে এই কথা ঘোষণা কৰে। ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ সময়ত প্ৰবীণ অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰা হ’ব বুলি সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। অহা ৮ অক্টোবৰত এইবাৰৰ এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।