মিত্ৰতাৰ গ্ৰীণ চিগনেল; জিএমচিএইছত কৃষক নেতা অখিল গগৈক সাক্ষাৎ লুৰীণজ্যোতি গগৈৰ

63

সমাগত অসম বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপিৰ বিৰুদ্ধে একজোঁট হৈ অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে নৱগঠিত দুই আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত। উল্লেখ্য যে, ৰাইজৰ দলে পূৰ্বেই বাৰাম্বাৰ মিত্ৰতাৰ প্ৰস্তাৱ ৰাখিছিল যদিও এই মিত্ৰতালৈ আগবাঢ়ি অহা নাছিল অসম জাতীয় পৰিষদ।

কিন্তু শেহতীয়াকৈ কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈক বৃহস্পতিবাৰে পুৱাই সাক্ষাৎ কৰিবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ। কৃষক নেতা অখিল গগৈক অজাপ নেতৃত্বৰ সাক্ষাতে দুয়োটা দলৰ মাজৰ মিত্ৰতাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে বহুতে।

উল্লেখ্য যে, ‘কা’ আন্দোলনৰ পিছত প্ৰায় এবছৰে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈক শেহতীয়াকৈ অসুস্থতাৰ বাবে জিএমচিএইছত চিকিৎসা চলাই থকা হৈছে। এই চিকিৎসা কালতে বৃহস্পতিবাৰে নেতাগৰাকীক সাক্ষাৎ কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞাই। প্ৰণিধানযোগ্য যে, নিৰ্বাচনত একেলগে অৱতীৰ্ণ হবলৈ যোৱা ১৭ জানুৱাৰীতো অসম জাতীয় পৰিষদক পত্ৰযোগে আনুষ্ঠানিকভাৱে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল ৰাইজৰ দলে।