মিঞা পৰিষদৰ ২ নেতাক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ আদালতৰ…

257

মিঞা সংগ্ৰহালয়ৰ বিতৰ্কক লৈ দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে মিঞা পৰিষদৰ নেতা মহৰ আলী আৰু আব্দুল বাতেনক।

তেওঁলোকৰ লগতে মিঞা সংগ্ৰহালয় উদ্বোধন কৰা তনু কুমাৰ ধাদুমীয়াকো দুদিনৰক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কালি তিনিওজনকে আদালতত হাজিৰ কৰাই দুদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে এই সন্দৰ্ভত কালি গ্ৰেপ্তাৰ কৰা ছাদেক আলী আৰু জেকিবুল আলী নামৰ আন দুজন ব্যক্তিক আদালতত হাজিৰ কৰাত আদালতে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

নলবাৰী আৰক্ষীৰ জিম্মাত থকা আটক জেহাদীয়ে অসম মিঞা পৰিষদৰ দুজন সদস্যৰ সংস্পৰ্শলৈ অহা বুলি দাবী কৰাৰ লগে লগে এই বিতৰ্ক আৰু বাঢ়ি যায়। যোৱা সপ্তাহতহে গ্ৰেপ্তাৰ কৰা জেহাদী উপাদান জুবিৰ হুছেইন, আবু ৰায়হান, আৰু হাইদৰ আলীয়ে এই কথা প্ৰকাশ কৰিছে।

এই প্ৰকাশৰ পিছতে নলবাৰী আৰক্ষীয়ে মিয়া পৰিষদৰ মুৰব্বী মহৰ আলী আৰু আন এজন নেতা আব্দুল বাটেনক সোধা-পোছাৰ বাবে থানালৈ আনে।

সন্ত্ৰাসবাদী সম্পৰ্কৰ সন্দেহত মঙলবাৰে সন্ধিয়া আটক কৰা মিয়া পৰিষদৰ নেতা দুজনক কালি গ্ৰেপ্তাৰ কৰা হয়।

বিতৰ্কিত সংগ্ৰহালয়টো স্থাপন কৰা ভৱনটো কৰ্তৃপক্ষই ছীল কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই এই বৃহৎ উন্নয়ন ঘটিছিল।