মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা আন এগৰাকী অসম আৰক্ষী জোৱানে হেৰুৱালে প্ৰাণ

3605

গুৱাহাটীঃ অসম-মিজোৰাম সীমান্তত অব্যাহত আছে উত্তেজনা। যোৱা ২৬ জুলাইত কাছাৰৰ লায়লাপুৰত অসমৰ ভূমি দখল কৰি থকা মিজোক খেদি পঠিয়াবলৈ যাওতেই মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তই আক্ৰমণ কৰিছিল অসম আৰক্ষীৰ ওপৰত। এই আক্ৰমণত ৫ গৰাকী আৰক্ষী জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিক নিহত হয়। আনহাতে ৬৮ গৰাকী আৰক্ষী আৰু সাধাৰণ নাগৰিক আহত হয় মিজো দুৰ্বৃত্তৰ আক্ৰমণত।

কিন্তু মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা অসম আৰক্ষীৰ আন এগৰাকী জোৱানে মৃত্যুৰ ওচৰত হাৰ মানে পুনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা প্ৰকাশ কৰি গভীৰ শোক ব্যক্ত কৰে।

উল্লেখ্য যে, ২৬ জুলাইৰ ক’লা দিনটোত মিজো দুৰ্বৃত্তৰ গুলী পেটত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শ্যামাপ্ৰসাদ দুছাট নামৰ অসম আৰক্ষীৰ জোৱানগৰাকী। পিছত তেওঁক হাস্পতালত ভৰ্তি কৰা হয় যদিও নিয়তিৰ ওচৰত শেষ সময়ত হাৰ মানিবলগা হয় আৰক্ষী জোৱানগৰাকীয়ে।