মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা অসম আৰক্ষী জোৱানৰ বাসগৃহত লুৰিণজ্যোতি গগৈ

71

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ জোৱান নাজমূল হুছেইনৰ বৰপেটাৰ কদমগুৰি গাঁওস্থিত বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। শ্বহীদ আৰক্ষী জোৱানগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিজেপি চৰকাৰৰ বিৰুদ্ধ ক্ষোভ উজাৰি লুৰিণজ্যোতি গগৈয়ে কয় যে দিল্লীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সমন্বয় নিবিচাৰে বাবেই দীৰ্ঘকাল ধৰি সীমা বিবাদক জীয়াই ৰাখিছে। আনকি নেডাৰ বৈঠকৰ পিছতো সীমা বিবাদৰ অৱসান কিয় নঘটিল বুলিও প্ৰশ্ন কৰে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে।

চৰকাৰৰ ভুল নীতিৰ বাবেই আজি অসম-মিজোৰাম সীমান্তত ৬ গৰাকীকৈ আৰক্ষী জোৱানে প্ৰাণ আহুতি দিব লগা হ’ল বুলি অভিযোগ কৰি লুৰিণজ্যোতি গগৈয়ে লগতে কয় যে, গোচৰ, অভিযোগ-প্ৰত্যাভিযোগৰ বিপৰীতে সীমা সমস্যৰ স্থায়ী সমাধান আৰু সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তা চৰকাৰে সুনিশ্চিত কৰা উচিত।

মিজো আৰক্ষীয়ে অসমৰ তিনি কিলোমিটাৰ ভিতৰত অৱস্থান কৰি থকা বুলি দাবী কৰি অসমৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব বুলি মিছা কথাৰে অসমৰ ৰাইজক আভুৱা ভাৰিব বিচাৰিছে বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে৷

কেইবাটাও সমষ্টিত আগন্তক সময়ত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনক লৈও সাংবাদিকৰ সন্মুখত মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। বিজেপিয়ে ঋণ মাফকে ধৰি বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিলেও উপ নিৰ্বাচনত জনতাই বিজেপিক উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে তেওঁ। বিজেপিৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধভাৱে ভোটদান কৰিবলৈ আহ্বান জনায় লুৰিণজ্যোতি গগৈয়ে। আনহাতে মৰিয়নী সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ নেতৃত্বই সিদ্ধান্ত ল’ব বুলিও ইংগিত দিয়ে লুৰিণজ্যোতি গগৈয়ে।