মিজোৰামত ৫০ লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ

6005

শনিবাৰে মিজোৰামৰ আইজলত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট।

সূত্ৰ অনুসৰি, আছাম ৰাইফলছ আৰু নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ নেতৃত্বত যৌথ অভিযানৰ সময়ত জব্দ কৰা হয় টেবলেটখিনি।

এখন বাহনৰ পৰা জব্দ কৰা হয় প্ৰায় ডেৰ লাখ মেথামফেটামাইন টেবলেট।

জব্দ কৰা টেবলেটসমূহৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় ৫০ লাখ টকা হোৱাৰ সন্দেহ কৰা হৈছে।

জব্দকৰণৰ সৈতে জড়িত ৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।