অসম ৰাইফলছৰ জোৱানে অভিযান চলাই ইণ্ডো-ম্যানমাৰ সীমান্তৰ মিজোৰামৰ চম্ফাই জিলাৰ পৰা অস্ত্ৰ, গ্ৰেনেড আৰু যুদ্ধত ব্যৱহৃত অনান্য মৰানাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি অসম ৰাইফলছে জিলাখনৰ তিয়াও কাউন গাঁৱৰ ওচৰত এটা অভিযান চলাইছিল।
এজন বিষয়াৰ মতে, দলটোৰ ওচৰত তিয়াও কাৱন গাঁৱৰ ওচৰত অস্ত্ৰ শস্ত্ৰৰ সৈতে জড়িত এক সম্ভাৱ্য চুক্তিৰ বিষয়ে নিৰ্দিষ্ট তথ্য আছিল। তাৰ পিছতে গাঁওখনত চলোৱা হয় অভিযান। অৱশ্যে অভিযুক্ত কেইজন ম্যানমাৰলৈ পলায়ন কৰিবলৈ সক্ষম হয়।
অঞ্চলটোৰ পৰা দুটা ৯ এমএম পিষ্টল, এটা ০.৩২ ৰিভলভাৰ, ৭ টা ইম্প্ৰুভাইজড হেণ্ড গ্ৰেনেড, ১৫ ৰাউণ্ড ০.৩২ ৰিভলভাৰৰ গুলী, দুটা টেক ফোন/আৰএছ ৱাকি-টকী, এটা টেক ভেষ্ট, এটা পাৱাৰ বেংক উদ্ধাৰ কৰা হৈছে।
পৰৱৰ্তী অনুসন্ধান চলি আছে।