মিছন নিউ ইণ্ডিয়াৰ ক্ষুধা নিবাৰণৰ প্ৰয়াস

87

ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : ল’কডাউনৰ সময়ছোৱাত গুৱাহাটীৰ বিভিন্ন অঞ্চলত আৱদ্ধ হৈ থকা শ্ৰমিক,গৃহহীন লোকৰ ক্ষুধা নিবাৰণৰ বাবে বেচৰকাৰী সংস্থা “মিছন নিউ ইণ্ডিয়া”ই বিগত ২৯ মাৰ্চৰ পৰা আজিলৈকে প্ৰায় পাঁচ সহস্ৰাধিক লোকক খাদ্য প্ৰস্তুত কৰি পৰিৱেশন কৰে৷ “মিছন নিউ ইণ্ডিয়া”ৰ ৰাষ্ট্ৰীয় সচিব প্ৰধান ৰাজু মিশ্ৰ,প্ৰান্তীয় সচিব প্ৰাঞ্জল বৰুৱা,কামৰূপ জিলাৰ সভাপতি দেৱব্ৰত চৌধুৰীৰ নেতৃত্বত বিনামূলীয়াভাৱে খাদ্য প্ৰস্তুত কৰি পৰিৱেশন কৰাত বহিঃৰাজ্যৰ আৱদ্ধ হৈ থকা গাড়ীৰ চালক,হেণ্ডিমেনে,
শ্ৰমিকসকলে সন্তুোষ প্ৰকাশ কৰে৷ তদুপৰি জিলা উপায়ুক্ত মহোদয়ে “মিছন নিউ ইণ্ডিয়া”ৰ কৰ্মৰাজিত সন্তুষ্ট হৈ ল’কডাউন চলি থকা পৰ্য্যন্ত দুৰ্গতসকলক সেৱা আগবঢ়াই নিবলৈ অনুৰোধ জনায়৷ এই সমস্ত প্ৰক্ৰিয়াত নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা নথুনী দাস,মানিক দাস,বাপন দাস,খোকন আৰু নেহাৰ সেৱাৰ মনোভাৱক ৰাষ্ট্ৰীয় মহাসচিব ৰাজু মিশ্ৰ ডাঙৰীয়াই ধন্যবাদ জ্ঞাপন কৰে৷