মাৰ্ঘেৰিটা বৃহৎ পৰিমানৰ ড্রাগছসহ যুৱক আটক

87

মাৰ্ঘেৰিটা বৃহত পৰিমানৰ ড্রাগছসহ যুৱক আটক।

মাৰ্ঘেৰিটাত নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছে অভিযান।নিতৌ আটক হৈছে ন ন ড্ৰাগছ সৰবৰাহকাৰী।ইয়াৰ পিছতো কিন্তু ড্রাগছ কানি আদি নিচাযুক্ত দ্রব্য প্রচলন বন্ধ হোৱা নাই মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাৰ নগৰকে ধৰি ইয়াৰ উপকণ্ঠ বিভিন্ন অঞ্চলসমূহ ড্ৰাগছৰ মুকলি বেহা চলি থকাটো সৰ্বজন বিদিত। আজি মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্রতাপ গগৈৰ নেতৃত্বত মাৰ্ঘেৰিটা নগৰৰ ১নং লাজুমত চলোৱা এক অভিযানত ড্ৰাগছসহ আটক হয় এজন যুৱকক। আটকাধীন যুৱকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে চাবোনৰ বাকচত ভৰাই থোৱা ৯ বাকচ ড্রাগছ,(১১২.৬৮ গ্ৰাম)জব্দ কৰা হয়। ড্ৰাগছখিনি অনুমানিক বজাৰ মূল্য প্ৰায় ২,৫০ লাখ। আৰক্ষীয়ে গোপন সুত্রৰ ভিত্তিত মাৰ্ঘেৰিটা ১নং লাজুম স্থিত পৱন দেৱনাথ(৩০) ওৰফে পাঁচকুৰিৰ বাসগৃহত অভিযান চলাই ড্ৰাগছসহ আটক কৰে যুৱকজনক। আটকাধীন যুৱকজনে দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ বেহাৰৰ লগত জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।