মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। আজি পূৱাৰ ভাগতে মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ভিনাৰমিল বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত জাকিৰ খান নামৰ লোক জনৰ দহটাকৈ ভাড়াঘৰৰ ৰোম জুইত জাহ যায়।
জানিব পৰামতে, ভিনাৰমিলৰ নিবাসী জাকিৰ খান নামৰ লোক জনৰ ভাড়াঘৰত থকা জুইৰ চৌকাৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।অন্যহাতে জুইৰ লেলিহান শিখাই আৱৰি ধৰাৰ মাজতে এটা চিলিণ্ডাৰো বিষ্ফোৰণ হোৱাৰ ফলত জুইৰ ভয়াৱহতা অধিক হৈ পৰে। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে।
