মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ ড্ৰাগচ সহ আটক দুজন

110

মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ ড্ৰাগচ সহ আটক দুজন
মাৰ্ঘেৰিটাত নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছে অভিযান। নিতৌ আটক হৈছে ন ন ড্ৰাগছ সৰবৰাহকাৰী। ইয়াৰ পিছতো কিন্তু ড্রাগছ-কানি আদি নিচাযুক্ত দ্রব্যৰ প্রচলন বন্ধ হোৱা নাই মাৰ্ঘেৰিটাত।
মাৰ্ঘেৰিটাৰ নগৰকে ধৰি ইয়াৰ উপকণ্ঠ বিভিন্ন অঞ্চলসমূহ ড্ৰাগছৰ মুকলি বেহা চলি থকাটো সৰ্বজন বিদিত। আজি মাৰ্ঘেৰিটা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্রতাপ গগৈৰ নেতৃত্বত মাৰ্ঘেৰিটাৰ বৰগোলাইত চলোৱা এক অভিযানত ড্ৰাগছসহ আটক কৰা হয় দুজন যুৱক। আটকাধীন যুৱকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে চাবোনৰ বাকচত ভৰাই থোৱা ২৭টা সাদাৰ টেমাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। লগতে আৰক্ষীয়ে জব্দ কৰিছে এ এচ ২৩ এক্স ৪৯১২ নম্বৰৰ এখন গ্লেমাৰ বাইক আৰু এ এচ ২৩ এফ ৫০৯৪ নম্বৰৰ এখন স্পাৰ্ক গাড়ী। ইতিমধ্যে মাৰ্ঘেৰিটা থানাত লোক কেইজনৰ বিৰুদ্ধে এন ডি পি এচৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
আটকাধীন যুৱকজনে দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ বেহাৰৰ লগত জড়িত আছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।