মাৰ্ঘেৰিটাত নিশা ধুমুহাত বিস্তৰ ক্ষতি

86

যোৱা নিশা মাৰ্ঘেৰিটাত অহা এক প্ৰচণ্ড ধুমুহাৰ ফলত মাৰ্ঘেৰিটা নগৰ লগতে ইয়াৰ উপকন্ঠ অঞ্চলৰ ব্যাপক ক্ষয় ক্ষতি কৰে। বিশেষকৈ মাৰ্ঘেৰিটাৰ নামদাং কলিয়ৰি অঞ্চলৰ বহুকেইটা বাসগৃহ বতাহ ধুমুহাৰ ফলত ধ্বংসস্তূপত পৰিণত কৰে।

অন্যহাতে বতাহ ধুমুহাৰ ফলত মাৰ্ঘেৰিটা বহু অঞ্চলত গছ ভাঙি বিজুলীৰ তাঁ‌ৰ চিঙাৰ ফলত সমগ্ৰ মাৰ্ঘেৰিটাতে বিদ্যুৎ সৰবৰাহ বাতৰি প্ৰস্তুতি কৰা সময়লৈকে ব্যাহত হৈ আছে। ইতিমধ্যেই মাৰ্ঘেৰিটা ASEB ৰ তৰফৰ পৰা বিদ্যুৎ সেৱা নিয়মীয়া কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।