তিনিচুকীয়া জিলাৰ
মাৰ্ঘেৰিটাত নকল নোটৰ অবাধ প্ৰচলন। মাৰ্ঘেৰিটাৰ এটা তেল ডিপোত তেল ভৰাই গ্ৰাহকে প্ৰদান কৰিলে ২৫ শ টকাৰ নকল নোট। পাচশ টকীয়া পাচটাকৈ নকল নোট প্ৰদান কৰি তেল ভৰাই তিনিচুকীয়াৰ দিশত তীব্ৰ বেগত আতৰি যোৱা হোণ্ডা কোম্পানীৰ গাড়ীখন চিনাক্ত কৰিব পৰা নাই।ইতিমধ্যে চালিগ্ৰাম বিদ্ধিচাণ্ড এণ্ড কোম্পানীৰ মালিকনাধীন তেল ডিপোটোৰ পৰিচালকে মাৰ্ঘেৰিটা থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্ত্তমানেও গাড়ীখনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
