মাৰ্ঘেৰিটাত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰদ্যুৎ বৰদলৈৰ

102

২০১৬ চনত সমষ্টিবাসী ৰাইজে মোৰ মুখ চাই আমনি পাইছিল বাবেই মোক সমষ্টিটোৰ পৰা বিদায় দিছিল। এই মন্তব্য মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা বৰ্তমানৰ নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। বুধবাৰে সন্ধিয়া মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

নিৰ্বাচনী প্ৰচাৰত বিজেপি-অগপক তুলাধুনা দি সমষ্টিটোত কংগ্ৰেছৰ জয় নিশ্চিত বুলিও মন্তব্য কৰিলে নেতাগৰাকীয়ে। আনহাতে অসম জাতীয় পৰিষদ আৰু ৰাইজক দলকো তীক্ষ্ণ সমালোচনা কৰে বৰদলৈয়ে।

মাৰ্ঘেৰিয়াৰ ৰংগমঞ্চত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ নতুন ৰাজনৈতিক দলসমূহক বিজেপিৰ বি টিম নহবলৈ আহ্বান জনায়।