মাৰ্ঘেৰিটাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা আৰম্ভ। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ মাৰ্ঘেৰিটা টাউন হাইস্কুল প্ৰাঙ্গণত অগ্নিপথ আঁচনিৰ আধাৰ প্রাগ নিযুক্তি প্ৰশিক্ষণ কাৰ্যক্ৰম আৰম্ভ হৈছে । ভাৰত মাতাৰ প্ৰতিচ্ছবিত ফোঁট আৰু বন্তি প্ৰজলনেৰে মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে আৰম্ভ কৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি সাৰদা কান্ত ৰায়ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়।সাধাৰণ সম্পাদক নৱ বৰাই আতঁ ধৰা সভাখনত বহু বিশিষ্ট ব্যক্তি সেনা বিষয়াই ভাষণ দিয়ে।ইয়াৰ পিছতেই আৰম্ভ হয় পাঁচ শতাধিক যুৱক যুৱতীৰ বিভিন্ন প্ৰশিক্ষণ আৰু কৰ্মশালাৰ কাৰ্যসূচী ।
Latest article
এনইএছএফবি আৰু শ্লাইচৰ একত্ৰতা: বৃদ্ধিৰ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ এক নতুন যুগ
নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক (এনইএছএফবি) আৰু শ্লাইচ ফিনটেক ইউনিকৰ্ণৰ কৌশলগত একত্ৰতাই বেংকটোক এক পৰিৱর্তনশীল পৰ্যায়লৈ লৈ গৈছে। এই ঐতিহাসিক একত্ৰতাক এক গেম-চেঞ্জাৰ হিচাপে গণ্য...
এনএছডিচি, কো-লাৰ্ন আৰু ডি এ ৱান স্প’ৰ্টছে আৰম্ভ কৰিছে ক্ৰিকেট প্ৰশিক্ষক দক্ষতা পাঠ্যক্ৰম
নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ শৈক্ষিক প্ৰযুক্তি প্লেটফৰ্ম কো-লাৰ্ন আৰু শিখৰ ধাৱানৰ ডিএ ৱান স্পৰ্টছৰ সহযোগত সমগ্ৰ ভাৰতত প্ৰশিক্ষকসকলক উন্নত কৰাৰ বাবে ক্ৰিকেট প্ৰশিক্ষক শৈক্ষিক...
চিআৰপিএফৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ জিপি সিঙৰ
ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, যাক সাধাৰণতে জিপি সিং বুলি জনা যায়, বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) নতুন সঞ্চালক প্ৰধান...