মাৰ্কিন নৌ সেনাৰ বিমান দুৰ্ঘটনা, নিহত ২

58

ডিজিটেল ডেস্কঃ শুকুৰবাৰে আমেৰিকাৰ আলাবামাত মাৰ্কিন নৌ সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুজন ক্ৰিউ মেম্বাৰ নিহত হয়। জানিব পৰা মতে, আলাবামাৰ এখন সৰু চহৰত সংঘটিত হয় এই দুৰ্ঘটনা।

স্থানীয় সমায়ানুসৰি সন্ধিয়া ৫ বজাত সংঘটিত টি-৬৮ টেক্সান ২ নম্বৰৰ এই বিমানখনৰ দুৰ্ঘটনাৰ ফলত দুজন ক্ৰিউ মেম্বাৰ নিহত হোৱাৰ উপৰিও চহৰখনৰ এটা বাসগৃহ আৰু কেইবাখনো বাহন ভষ্মীভূত হয়। নিহত ক্ৰিউ মেম্বাৰ দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।